ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | পৰ্টেলসমূহ

পৰ্টেলসমূহ

ৱেব পৰ্টেল বাস্তৱিকতে এক ৱেবচাইট বা এনে ধৰণৰ সেৱা যাৰ জৰিয়তে কোনো বিষয়ৰ সকলো তথ্য একেবাৰতে সুলভ কৰিব তুলিব পাৰি আৰু ব্যৱহাৰকাৰীসকলে একে ঠাইৰ পৰাই কেছ ষ্টাডিজ, ই-মেইল গ্ৰুপ, ফ’ৰাম আৰু চাৰ্ছ ইঞ্জিনৰ দৰে বিভিন্ন সেৱা আৰু সুবিধাৰ ব্যৱহাৰ কৰি ভাৱ তথা তথ্যৰ আদান প্ৰদান কৰিব পাৰে। ৰাষ্ট্ৰীয় জ্ঞান আয়োগে এইটো বিশ্বাস কৰে যে বিকেন্দ্ৰীকৰণ, তথ্যৰ অধিকাৰ, জন-প্ৰতিনিধিত্ব আৰু পাৰদৰ্শিতাৰ ফালে আগুৱাব খোজা প্ৰয়াসক সাৰ্বজনীন পৰ্টেলৰ দৰে মাধ্যমে তৰাণ্বিত কৰাৰ লগতে অধিকতৰ লোকে নিজৰ অধিকাৰৰ সুব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

এই সন্দৰ্ভত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে কিছুমান মূখ্য ক্ষেত্ৰত সাৰ্বজনীন পৰ্টেল স্থাপন কৰিবৰ বাবে নিম্নলিখিত প্ৰক্ৰিয়া গ্ৰহণ কৰিছে:
  • চেম্পিয়ন/অগ্ৰণী প্ৰতিষ্ঠানসমূহৰ চিনাক্তকৰণ।
  • চেম্পিয়ন সংগঠনৰ দ্বাৰা পৰ্টেল সাজসজ্জা কৰাৰ ক্ষেত্ৰত কোনো প্ৰস্তাৱ আয়োগৰ বিচাৰ-বিবেচনাৰ বাবে আগবঢ়োৱা।
  • অংশীদাৰ আৰু ভাগীদাৰসকলক চিনাক্তকৰণ আৰু পৰ্টেল মেনেজমেন্টৰ বাবে ফ্ৰেমৱৰ্ক তৈয়াৰ কৰা।
  • সামগ্ৰীৰ বিকাশ।
  • পৰ্টেলৰ শুভৰাম্ভ
এক সাৰ্বজনীন দাতব্য ট্ৰাষ্ট-অৰ্ঘ্যম গ্ৰুপে ভাৰত জল পৰ্টেলৰ বিকাশ কৰিছে। জানুৱাৰী, 2006 ত আৰম্ভ কৰা এই পৰ্টেল ডিচেম্বৰ, 2006 ত শুভাৰাম্ভ কৰা হয়।

এই পৰ্টেলৰ উদ্দেশ্য হ’ল- জলসম্পদৰ ওপৰত তথ্য আৰু জ্ঞান আদান-প্ৰদান কৰাৰ সুবিধাৰ্থে এক মুকলি মঞ্চ স্থাপন কৰা। এই পৰ্টেলৰ মূল লক্ষ্য হ’ল:
  1. জল-সম্পদৰ সুব্যৱহাৰৰ বিভিন্ন দিশ সম্পৰ্কে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা।
  2. নিষ্ঠাবান অংশগ্ৰহণকাৰীৰ মাজত সফল কৌশল আৰু অভিজ্ঞতাৰ আদান-প্ৰদান
  3. বিভিন্ন অংশীদাৰৰ মাজত তথ্য প্ৰবাহৰ বাবে এক মঞ্চ তৈয়াৰ কৰা।
একেদৰেই ভাৰত শক্তি পৰ্টেলো বিকাশ কৰি থকা হৈছে। এই পৰ্টেলৰ মূখ্য লক্ষ্যসমূহ হ’ল এনেধৰণৰ:

  1. শক্তিৰ উত্স চিনাক্তকৰণ আৰু ইয়াৰ প্ৰাথমিক দিশ সম্পৰ্কে তথ্য যোগান ধৰা
  2. ডাটা আৰু তথ্য ব্যাপক ৰূপত প্ৰদান কৰা।
  3. তথ্যক সামৰ্থ আৰু প্ৰভাৱকাৰীৰূপত আহৰণ কৰাৰ সুবিধা উপলব্ধ কৰা।
  4. জ্ঞানৰ ভঁৰাল তৈয়াৰ কৰা আৰু সময়ে সময়ে তাক উন্নীত কৰাৰ ব্যৱস্থা কৰা।
  5. ভাৱ আৰু কৌশলৰ আদান-প্ৰদানৰ বাবে মঞ্চ তৈয়াৰ কৰা
বিজ্ঞান আৰু পৰিবেশ কেন্দ্ৰৰ (চি.ই.এছ.) পৰা ভাৰত শক্তি পৰ্টেল তৈয়াৰ কৰিবৰ বাবে পোৱা প্ৰস্তাৱ আয়োগৰ বিৱেচনাধীন হৈ আছে।

ভাৰত শিক্ষা আৰু নাগৰিক অধিকাৰ পৰ্টেল তৈয়াৰ কৰিবৰ বাবেও প্ৰাথমিক কাম-কাজ আৰম্ভ কৰা হৈছে আৰু অগ্ৰণী প্ৰতিষ্ঠানসমূহক চিনাক্ত কৰি থকা হৈছে।