ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | নেটৱৰ্কসমূহ

1. জ্ঞান নেটৱৰ্ক

দেশত যথেষ্ঠ সংখ্যক মানসম্পন্ন প্ৰশিক্ষিত কৰ্মী তৈয়াৰ কৰিবলৈ ব্যাপক সম্পদ আৰু আৱগাঁঠনিৰ প্ৰয়োজন। যিহেতু, পৰ্য্যাপ্ত গৱেষণা সুবিধাসম্পন্ন উচ্চমানৰ যথেষ্ঠ শিক্ষানুষ্ঠানৰ প্ৰয়োজনীয়তাক উলাই কৰিব নোৱাৰি; এই সমস্যাক প্ৰত্যাহবান জনোৱাৰ এটা উপায় হব পাৰে- সমগ্ৰ দেশৰ বৃহত্ সংখ্যক বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক-কৰিকৰী, কৃষিবিজ্ঞান আৰু চিকিত্সাবিজ্ঞানৰ অনুষ্ঠানবিলাকত বৰ্তমান বাহাল থকা শিক্ষাৰ সামগ্ৰী, সৰঞ্জাম আৰু সুবিধাসমূহৰ উমৈহতীয়াকৰণ। লগতে বিভিন্ন ক্ষেত্ৰত হোৱা গৱেষণা আৰু উন্নয়ণৰ তথ্য বিভিন্ন আন্তঃ অথবা অন্তৰ্দেশীয় প্ৰতিষ্ঠানৰ যোগেদি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। ব্যাপকভাৱে চলি থকা প্ৰযুক্তি আৰু সমল বিস্তৃত গৱেষণাৰ সমস্যা সমাধানত ই এটা প্ৰয়োজনীয় পদক্ষেপ হৈ উঠিব পাৰে। এই প্ৰক্ৰিয়াৰ মূল উপাদানসমূহ হ’ল- পৰামৰ্শকৰণ, সমল আৰু সম্পদৰ উমৈহতীয়াকৰণ। গতিকে এনে ধৰণৰ সহযোগী প্ৰয়াসৰ লগত যুক্ত হোৱা ভাৰতীয় গৱেষকক উপযুক্ত কৰি তোলাৰ বাবে গুৰুত্বপূৰ্ণ এই সুবিধাসমূহ নাৰ্য্যমূল্যত প্ৰদান কৰাটো অতি দৰকাৰী। 80 দশকৰ পৰা ইউৰোপত সুচাৰুৰূপে ব্যৱহৃদ আৰু পাছত বিশ্বৰ বিভিন্নদেশে গ্ৰহণ কৰা আৰ. এণ্ড ডি. অৱগাঁঠনি আৰু সমলৰ উমৈহতীয়াকৰণ ভাৰতৰ বাবেও এক সমাধান হৈ উঠিব পাৰে।

এইক্ষেত্ৰত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে দেশৰ সকলো বিশ্ববিদ্যালয়, আৰ. এণ্ড ডি. প্ৰতিষ্ঠান, এছ. এণ্ড টি. প্ৰতিষ্ঠান, স্বাস্থ্য সেৱা সংস্থা, কৃষি গৱেষণা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠান আৰু বহুহাজাৰ পুথিভঁৰালক সাঙুৰি, অতি কমেও 100 Mbps গতিত উপলব্ধ হোৱাকৈ এটা সামৰ্থবান আৰু বহনীয় মূল্যৰ নেটৱৰ্ক গঠন কৰাৰ প্ৰজেক্ট হাতত লৈছে। আয়োগৰ বাবে এই ধাৰণা আৰু আঁচনি তৈয়াৰ কৰি উলিয়াইছে- ড. ডি. পি. এছ. শেঠে। এই আঁচনিৰ প্ৰতিলিপি সকলো অংশীদাৰৰ মাজত বিতৰণ কৰা হৈছে আৰু তেওঁলোকৰ উপদেশ আৰু পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আয়োগে এই বিষয়ত অনুমোদন আগবঢ়াব।

2. স্বাস্থ্য তথ্য নেটৱৰ্ক

ভাৰতত স্বাস্থ্য সেৱাৰ মানদণ্ড বিকাশৰ ব্যৱস্থা কৰাৰ বাবে এক বিশ্বাসযোগ্য, মসৃণ আৰু উপযুক্ত সময়ত ডাটা আহৰণ কৰাৰ বাবে সক্ষম প্ৰণালীৰ আৱশ্যক আছে। ইয়াৰ ওপৰিও স্বাস্থ্য-সেৱা প্ৰদানকাৰী সংস্থাৰ দ্ৰুত বৃদ্ধিয়ে ডাটা আহৰণ আৰু ইবিলাকৰ প্ৰচাৰত পৰস্পৰবিৰোধী মান সৃষ্টি কৰাৰ বাবে এই সেৱাৰ মূল্য বৃদ্ধি কৰি তুলিব। অন্ততঃ ইয়াক নিয়ন্ত্ৰণ কৰা আৰু আজিৰ পৃথিবীৰ স্বাস্থ্য-সেৱাত দেখা দিয়া বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে এক স্বাস্থ্য নেটৱৰ্কৰ তত্কালীন আৱশ্যকতা আছে।

এই আৱশ্যকতাক উপলদ্ধি কৰি ৰাষ্ট্ৰীয় জ্ঞান আয়োগে স্বাস্থ্য তথ্য নেটৱৰ্কৰ বিকাশ কৰাৰ বাবে এই সেৱাৰ লগত জড়িত বিশেষজ্ঞৰে এক কাৰ্য্যদল গঠন কৰিছে। এই কাৰ্য্যদলে এইক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি ৰাষ্ট্ৰীয় স্তৰত ৱেব আধাৰিত, সুৰক্ষিত, ইলেক্ট্ৰনিক স্বাস্থ্য-প্ৰণালী আৰম্ভ কৰাৰ বাবে আই.টি. আৰু ক্লিনিকেল মানদণ্ড তথা নিয়ন্ত্ৰণকাৰী ফ্ৰেমৱৰ্কৰ ওপৰত নীতি প্ৰস্তুত কৰি উলিয়াব। কাৰ্য্যদলৰ প্ৰথমখন সভা 21 জানুৱাৰী, 2006 ত হৈ যায়।


More Networks links: অনুমোদনসমূহ     পৰামৰ্শসমূহ