ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | চিকিত্সা শিক্ষা

চিকিত্সা শিক্ষা

ভাৰতত কেৱল গাওঁ আৰু চহৰৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ বেলেগ বেলেগ ৰাজ্যৰ স্বাস্থ্যসেৱা আৰু স্বাস্থ্যকৰ্মী বিতৰণৰ ক্ষেত্ৰতো যথেষ্ঠ বৈষম্য আছে। চিকিত্সা শিক্ষা প্ৰদান কৰা সকলো প্ৰতিষ্ঠান আৰু চিকিত্সা কেন্দ্ৰ চহৰ অঞ্চলত অৱস্থিত, য’ত ভাৰতৰ মাত্ৰ 30 পৰা 35% নাগৰিকেহে বাস কৰে। যোৱা 60 বছৰৰ তথ্যই ইয়াকেই প্ৰমান কৰে যে- চিকিত্সা শিক্ষাই ভালদৰে ওপৰোক্ত দুয়োটা প্ৰত্যাহবানৰ মুখামুখি হব পৰা নাই। অন্ততঃ আমি চিকিত্সা শিক্ষাৰ জোৰদাৰ পৰিবৰ্তন ঘটাব লাগিব; মেডিকেল কলেজৰ মানদণ্ডৰ উচ্চগামী কৰিৱ লাগিব আৰু নতুন নতুন প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ আৰম্ভ কৰিব লাগিব, লগতে গাওঁ অঞ্চলত ইয়াৰ অনুপলব্ধতাক গুৰুত্ব দিব লাগিব। ইয়াৰ বাবে দেশৰ মেডিকেল কলেজসমূহে এনে এক অভিনৱ ব্যৱস্থা হাতত লব লাগিব, যাৰ সহায়ত প্ৰয়োজন অনুসৰি গ্ৰামীন চিকিত্সা শিক্ষা প্ৰদান কৰিব পৰা যায় আৰু গ্ৰামীন চিকিত্সকক মেডিকেল কলেজসমূহত উপযুক্ত প্ৰশিক্ষণ দিব পৰা যায়।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
  • কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহ।
  • গড়মান বৃদ্ধিৰ বাবে ব্যৱস্থা আৰু সম্পৰীক্ষীত অধিঃস্বীকৃত পদ্ধতিকে ধৰি উত্কৰ্ষসাধনৰ কেন্দ্ৰ উদ্ভাবন কৰা।
  • দক্ষ অনুষদক আকৰ্ষণ আৰু ধৰি ৰাখিবৰ বাবে উপায়সমূহ।
  • চিকিত্সা মহাবিদ্যালয় আৰু শিক্ষণ চিকিত্সালয় বিলাকত গৱেষণা পৰম্পৰাক পৃষ্ঠপোষকতা কৰিবলৈ আৰু তাক বাহাল ৰাখিবলৈ উপযুক্ত পদক্ষেপৰ প্ৰস্তাৱ।
  • পেৰা-মেডিকেল ক্ষেত্ৰত পেশাদাৰী শিক্ষাক সবল কৰা।
  • চিকিত্সা শিক্ষা, জনস্বাস্থ্য আৰু উদ্ধাৰকাৰী পদ্ধতিৰ মাজত আন্তঃগাঁঠনিৰ সৃষ্টি কৰা ।
  • মেডিচিনৰ বিকল্প পদ্ধতিৰ লগত সম্পৰ্ক থকা শিক্ষাৰ উন্নয়ন।

More Medical Education links: পৰামৰ্শসমূহ