ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | সাক্ষৰতা

সাক্ষৰতা

2007 চনৰ ভিতৰত 15-35 বছৰ বয়সৰ নিৰক্ষৰ লোকসকলৰ ভিতৰত অন্ততঃ 75 % ক কাৰ্য্যকৰী সাক্ষৰতা প্ৰদান নিশ্চিত কৰাৰ লক্ষ্য লৈ 1988 চনত ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান (এন.এল.এম.) সূচনা কৰা হৈছিল। ই স্থানীয়ভাৱে সংগঠিত সংস্কৃতি আৰু সামাজিক ঘটনাসমূহৰ যোগেদি জন-সজাগতাৰ লগতে জন-সামাজিক শিক্ষা আৰু সচেতনতাৰ বিস্তৃত কাৰ্য্যক্ৰমৰ লগত সাক্ষৰতাৰ সমন্বয় সাধনৰ ওপৰত নিৰ্ভৰশীল। পিয়লৰ তথ্য অনুযায়ী দেশৰ সাক্ষৰতাৰ হাৰ 1991 চনৰ 52.21% ৰ বিপৰীতে 2001 চনত 65.38%লৈ বৃদ্ধি পাইছে। এই দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে নিৰক্ষৰৰ সংখ্যা 329 মিলিয়নৰ পৰা 304 মিলিয়নলৈ হ্ৰাস পাইছে। যি কি নহওক, ৰাষ্ট্ৰীয় হাৰৰ এই বিপুল অসমতা আৰু অৱশেষ নিৰক্ষৰতাৰ বাবে দায়ী কৰিব পাৰি- অঞ্চল, জাতি, লিংগ আদিকে ধৰি বিভিন্ন কাৰণক। তদুপৰি দিনকদিনে এই সংখ্যা বিপুলভাৱে বৃদ্ধি পাব ধৰিছে আৰু জ্ঞান সমাজলৈ পৰিৱৰ্ত্তিত হ’ব খোজা এখন দেশে তাৰ বৃহত্ সংখ্যক লোক নিৰক্ষৰ হৈ থকাটো কেতিয়াও মানি লব নোৱাৰে।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
  • ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযানৰ পুণৰ মূল্যায়ন
  • সাক্ষৰতা আঁচনি বা কম্পিউটাৰ সমৰ্থিত শিক্ষণত আই.চি.টি. ব্যৱহাৰৰ দৰে সাক্ষৰতা উদ্যোগবিলাকত বহুকোণীয় অভিগমন
  • সামগ্ৰী উন্নয়ন আৰু প্ৰশিক্ষণ
  • সাক্ষৰতাৰ উদ্যোগবিলাকৰ ক্ষেত্ৰত সৃজনীশীল ধাৰণাসমূহ আৰু নিত্য নতুন চিন্তা-চৰ্চা বিলাক
  • আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাত সমাৰ্থতা

More Literacy links: পৰামৰ্শসমূহ