ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | আইন শিক্ষা

আইন শিক্ষা

আইন শিক্ষা পেশাদাৰী শিক্ষাৰ এনে এক দিশ যি কেৱল সমাজত আইনৰ উপযোগিতাৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ গোলকীকৰণৰ ক্ষেত্ৰতো অতি প্ৰসংগিক। জ্ঞানৰ ধাৰণা সৃষ্টি কৰা আৰু লগে লগে সামাজিক উন্নতিৰ বাবে সেইবিলাকৰ প্ৰয়োগ কৰাত আইন শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোৱা কেইবছৰমানৰ পৰা বিদ্যায়তনিক, মোকৰ্দ্দমা-বাজী, ব্যৱসায়িক সংগঠনৰ কাৰ্য্যকলাপ, প্ৰশাসন আৰু সাধাৰণ সমাজত প্ৰশিক্ষিত আইন বিশেষজ্ঞৰ প্ৰয়োজনীয়তা লক্ষণীয়ভাবে বৃদ্ধি পাইছে আৰু অনাগত সময়ত এনে প্ৰশিক্ষিত লোকৰ চাহিদা আৰু বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। গতিকে, ভাৰতত আইন শিক্ষাৰ ক্ষেত্ৰত এক স্পষ্ট দীৰ্ঘকালীন নীতি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, যাৰ সহায়ত এই প্ৰক্ৰিয়াক উত্কৃষ্টৰ পৰা উত্কৃষ্টতৰ কৰিব পৰা যাব।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগে আইনী ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন আইনবিদ আৰু শিক্ষাবিদেৰে এক দল গঠন কৰিছে। এই বিষয়ত বিবেচনাধীন হৈ থকা কিছুমান মুখ্য বিষয় হ’ল:
  • মানদণ্ডসম্পন্ন আইন শিক্ষালৈ প্ৰৱেশাধিকাৰ;
  • দক্ষ অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায়সমূহ।
  • পাঠ্যক্ৰমৰ বিকাশৰ বাবে কাৰ্য্যক্ৰম চিনাক্তকৰণ।
  • অৱগাঁঠনি আৰু প্ৰশাসনিক বিষয় বিলাকৰ বাবে সৃজনীশীল সমাধান নিৰ্ণয়;
  • নিয়ন্ত্ৰণকাৰী বিষয়সমূহ;
  • গোলকীয়ভাৱে প্ৰতিযোগিতামূলক হব পৰাকৈ গুৰুত্বপূৰ্ণ গৱেষণা পৰম্পৰাৰ বিকাশ।
  • সমাজ আৰু অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰবিলাকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ দৰকাৰী আইনশিক্ষাৰ সংস্কৃতি নিশ্চিতকৰণ।

More Legal Education links: পৰামৰ্শসমূহ