ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | ভাষা

ভাষা

ভাৰতৰ দৰে বহুভাষিক দেশ এখনত ভাষা কেৱল যোগাযোগৰ মাধ্যম হিচাপেই নহয়, জ্ঞান-ভাণ্ডাৰত প্ৰৱেশাধিকাৰৰ এক শক্তিশালী কাৰক হিচাপেও প্ৰাসংগিক। ইংৰাজী ভাষাৰ বোধগম্যতা আৰু ইয়াৰ ওপৰত থকা দখল সম্ভৱতঃ উচ্চশিক্ষা লাভ, সংস্থানৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু সামাজিক সুবিধাসমূহক গ্ৰহণ কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। বিদ্যালয় ত্যাগ কৰা যি সকলক ইংৰাজী ভাষাৰ পৰ্য্যাপ্ত শিক্ষা দিয়া হোৱা নাই, উচ্চশিক্ষাৰ জগতখনত সেইসকল তেনেই বিকলাংগ। আৰু যিসকল ইংৰাজীত যথেষ্ট পাৰদৰ্শী নহয়, সেইসকলৰ বাবে আমাৰ প্ৰথমশ্ৰেণীৰ শিক্ষানুষ্ঠানসমূহৰ দুৱাৰ বন্ধ বুলি কব পাৰি। এই অসুবিধাই পিছলৈ কৰ্মৰ জগতখনৰ কেৱল পেছাদাৰী বৃত্তিতেই নহয়, বৰঞ্চ দৈহিক শ্ৰমহীন অভিজাত বৃত্তিৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰিব।

এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় জ্ঞান আয়োগে ৰাজ্যবিলাকৰ মূখ্যমন্ত্ৰী, সাংসদ, চিকিত্সাসেৱা বা আইনসেৱা বা অন্যান্য প্ৰশাসনীয় অনুষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলকে ধৰি চৰকাৰী, বিদ্যায়তনিক, মিডিয়া আৰু উদ্যোগিক প্ৰতিষ্ঠানৰ এক বৃহত্ সংখ্যক লোকৰ লগত এই বিষয়ৰ ওপৰত অনানুষ্ঠানিক আলোচনা চলাই আহিছে। আয়োগে শিক্ষাৰ সকলো স্তৰতে ইংৰাজী শিক্ষণৰ আঁচনি প্ৰস্তুত কৰি উলিয়াবলৈ এটা কাৰ্য্যকৰী গোট গঠন কৰিছে। এই গোট আৰু ইয়াৰ লগত জড়িত লোকসকলৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই বিষয়ত ইতিমধ্যে বিভিন্ন অনুমোদন আগবঢ়াইছে। এইবিলাকৰ ভিতৰত অন্যতম হ’ল-ইংৰাজী ভাষাৰ পৰিচয় স্তৰ, কুশলী শিক্ষক, প্ৰাসংগিক পাঠ্যপুথি, শিক্ষক প্ৰশিক্ষণ, পৰ্য্যাপ্ত সম্পদ সমৰ্থন(শিক্ষক আৰু সামগ্ৰীকে ধৰি) আৰু ভাষা শিক্ষাত আই.চি.টি.ৰ প্ৰয়োগ।


More Language links: অনুমোদনসমূহ