ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | মেধা সম্পদৰ অধিকাৰ (আই.পি.আৰ্.এচ্.)

মেধা সম্পদৰ অধিকাৰ (আই.পি.আৰ্.এচ্.)

আজিৰ শিক্ষা অৰ্থনীতি আৰু সমাজত বিশেষতঃ অৰ্থনৈতিক বিশ্বায়নৰ পৰিপ্ৰেক্ষিতত আই.পি.আৰ্. বোৰ এটা অপৰিহাৰ্য্য সুপৰিকল্পিত সঁজুলি হিচাপে ভূমুকি মাৰিছে। এটা বস্তুৰ বিশ্ব বজাৰত প্ৰতিযোগিতা কৰাৰ ক্ষমতা মূলতঃ নিৰ্ভৰ কৰে বস্তুটোৰ বিজ্ঞান ও প্ৰযুক্তিগত আবিষ্কাৰৰ মাজেৰে ক্ৰমাগত নতূন ধাৰণা জন্ম দিয়াৰ ক্ষমতাৰ ওপৰত, য’ত এই ধৰণৰ ধাৰণাসমূহ পৰিবৰ্ত্তন হয় সম্পত্তিৰ উত্পাদনকাৰী দ্ৰব্য ৰূপে। নিজৰ মালিক পক্ষক এটা নিৰ্দ্দিষ্ট সমযৰ বাবে একচেটিয়া আধিপত্য দান কৰি আই.পি.আৰ্. নতুন আবিষ্কাৰ ও অৰ্থনৈতিক মূল্য উত্পাদনৰ বাবে উত্সাহদানৰ ক্ষেত্ৰত এটা গুৰূত্বপূৰ্ণ মাধ্যম হিচাপে ভূমুকি মাৰিছে। এটা ফলপ্ৰসু আই.পি.আৰ. ব্যৱস্থা কোনো নিৰ্ভৰযোগ্য আইনী পৰিবেশৰ বাবে গুৰুত্বপূৰ্ণ উপাদান, যিবিলাক এটা সময়ত বৈদেশিক বিনিয়োগ ও প্ৰযুক্তি আদান প্ৰদানৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত বিলাকৰ এটা গুৰুত্ত্বপূৰ্ণ কাৰণ হৈ উঠে।

এই সম্বন্ধীয় প্ৰধান প্ৰণালীগত বিচাৰ্য্য সমস্যা সমূহ হ’ল :
  • আইনৰ দ্বাৰা সযত্নে ৰক্ষিত স্পষ্টভাবে নিৰূপিত চুক্তিবদ্ধ অধিকাৰ ও কৰ্ত্তব্য সমূহ;
  • আইনৰ প্ৰতি থকা শ্ৰদ্ধা;
  • কাৰ্য্যকৰী কৰণৰ বাবে ফলপ্ৰসু আইনী ব্যৱস্থাৰ উন্নয়ন ;
  • নিৰ্ভুল ও অনুপুংখ ব্যৱহাৰীক আই.পি.আৰ. তথ্যৰ সহজলভ্যতা ; সমষ্ট শাখা নিৰ্বিশেষে আই.পি.আৰ. বৃত্তিধাৰী সকলৰ বাবে প্ৰশিক্ষণৰ নিৰন্তৰ সুযোগসমুহ;
  • আধুনিক অৱগাঁঠনি আৰু তাৰ লগত বিভিন্ন আই.পি.আৰ. কাৰ্য্যালয়ত মানৱসম্পদৰ যোগান ও তাৰ উন্নয়ন। বিভিন্ন আই.পি.আৰ. কাৰ্য্যালয়ৰ প্ৰশাসনিক পদ্ধতি সমূহৰ সমন্বয় সাধন আৰু সম্ভৱত: সকলোতকৈ তাত্পৰ্য্যপূৰ্ণ ভাবে স্বাভাবিক গতি বৰ্তাই ৰখা।
  • বিভিন্ন আই.পি.আৰ. কাৰ্য্যালয়ৰ প্ৰশাসনিক পদ্ধতি সমূহৰ সমন্বয় সাধন আৰু সম্ভবত: সকলোতকৈ তাত্পৰ্য্যপূৰ্ণভাবে স্বাভাবিক গতি বৰ্তাই ৰখা।
  • শিক্ষাৰ সৃজন তাৰ প্ৰয়োগ আৰু ব্যাপ্তিৰ যোগেদি এটা জীৱন্ত আই.পি.আৰ. সংস্কৃতিৰ গঠন, যিবিলাকৰ প্ৰতিটোৱেই বজাৰৰ চাহিদা আৰু তাৰ প্ৰতিফলৰ সৈতে যুক্ত হৈ থাকিব।