ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | উদ্ভাবন

উদ্ভাবন

প্ৰদত্ত তথ্য অনুসাৰে ভাৰতীয় অৰ্থনীতি প্ৰতি বছৰে 6 ৰ পৰা 8 শতাংশলৈ বাঢ়িছে, য’ত ৰপ্তানি 30 শতাংশ চি.এ.জি.আৰ. লৈ বাঢ়িব ধৰিছে আৰু বহু ভাৰতীয় ফাৰ্ম বিভিন্ন আৰ্ন্তজাতিক ফাৰ্ম ও ব্যৱসায় প্ৰতিষ্ঠানৰ লগত সফল ভাবে প্ৰতিযোগিতা কৰিব পৰা হৈছে। এইটো কোৱা হয় যে, এই অৱস্থাটো সম্ভৱ হৈছে উপযুক্ত পৰিবেশ, বৰ্দ্ধিত পুঁজি ও শ্ৰম উত্পাদনশীলতা, উন্নত গুণসম্পন্ন দ্ৰব্য ও সুলভ পৰিসেৱাৰ সন্মিলিত সংযোগৰ বাবে। ভাৰতীয় অৰ্থনীতিৰ মানদণ্ড ও পৰিমাণ বৃদ্ধিৰ মূল চালিকা শক্তি হ’ল সৃজনীশীলতা, যদিও ই সহজতে দৃষ্টিগোচৰ নহয়।

উদ্ভাৱনৰ হাৰ বঢ়াই তোলা ও পুনৰাবৃত্তি কৰা -ধাৰণাৰ সহযোগত কিদৰে এই সমষ্ট উদ্ভাৱন সম্ভৱ হৈছে, যাৰ ফলত ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন শাখাত এটা সাধাৰণ বৃদ্ধি ও উন্নত প্ৰতিযোগিতা সুলভ মনোবৃত্তি দেখা গৈছে, এন.কে.চি. এ সেই কাৰণসমুহকে অনুসন্ধান কৰি উদ্ঘাটন কৰিব বিচাৰিছে আৰু চৰকাৰৰ পৰিবৰ্ত্তিত মনোভাৱক স্বীকাৰ কৰিছে। ইয়াৰ লগতে এটা উদ্ভাৱনী সংস্থা হিচাপে নিজৰ ভূমিকাকো চাব বিছাৰিছে। এন.কে.চি. ৰাষ্ট্ৰীয় উদ্ভাৱন ব্যৱস্থা নামৰ এটা বাধাৰ সন্মুখীন হৈছে য’ত স্থানীয় আৰু জাতীয় স্তৰত এন্টাৰপ্ৰেণিঅ’ৰশ্বিপক উত্সাহ যোগোৱা হৈছে, তাৰোপৰি নতুন ৰীতি ও প্ৰণালীক সাহস যোগোৱাৰ বাবে এছ. এণ্ড টি. ত আৰ্ন্তবিজ্ঞানীয় শাখা বিষয়ক পঢ়া-শুনাৰ পৰিকল্পনা আৰম্ভ হৈছে। এই বিষয়টোক গভীৰ ভাবে অনুসন্ধান কৰি চাবৰ বাবে এন.কে.চি য়ে এটা পৰিদৰ্শনৰ প্ৰস্তাৱ আগবঢ়াইছে, য’ত প্ৰতিটো শাখাৰ অভিজ্ঞ লোক সকলৰ পৰা বিভিন্ন প্ৰশ্নাৱলীৰ উত্তৰ বিচৰা হ’ব আৰু তেওঁলোকক লৈ কিছুসংখ্যক কৰ্মশালাৰ আয়োজন কৰা হ’ব।


More Innovation links: পৰামৰ্শসমূহ