ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | অভিযান্ত্ৰিক শিক্ষা

অভিযান্ত্ৰিক শিক্ষা

2005 চনত ভাৰতে 415,000 জন অভিযন্তাৰ জন্ম দিয়ে। এই সংখ্যা দেখাত যথেষ্ট বৃহত্ যেন লাগিলেও দৰাচলতে ই প্ৰয়োজনীয়তাৰ ওচৰেই চাপিব পৰা নাই। অহা দশকত, ভাৰতে পণ্য-উত্পাদন আৰু অভিযান্ত্ৰিক সেৱা আউটচৰ্ছিংৰ দৰে দুটা গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব। এই সুযোগবিলাক গ্ৰহণ কৰিবৰ বাবে অভিযন্তাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে জ্ঞানৰ মানদণ্ডও বৃদ্ধি কৰিব লাগিব।

অলপমান অভিজাত অনুষ্ঠানক বাদ দিলে ভাৰতত চলি থকা অভিযান্ত্ৰিক শিক্ষা এতিয়াও আওপুৰণি আৰু অপ্ৰসংগিক। অৰ্থনীতিৰ লগত প্ৰতিযোগিতাত নামিব পৰাকৈ জ্ঞান আৰু কৌশল অধিক স্নাতকেই লাভ কৰিব পৰা নাই, আৰু উদ্যোগসমূহেও সদায়েই দক্ষতাৰ অভাৱ অনুভৱ কৰি আহিছে। ইয়াৰ ওপৰিও প্ৰথম শ্ৰেণীৰ প্ৰতিষ্ঠান বিলাককে ধৰি অধিকাংশ প্ৰতিষ্ঠানেই মানবিশিষ্ট অনুষদক আকৰ্ষণ কৰা আৰু ধৰি ৰখাত বিফল হৈছে। কৰিকৰী/অভিযান্ত্ৰিক শিক্ষাত ভাৰতে যে গুৰুত্বপূৰ্ণ সুবিধাসমূহ অথলে নিয়াইছে এইবিলাক নাটনিয়ে তাৰেই ইংগিত দিয়ে। এন.কে.চি. য়ে তলত দিয়া বিষয়সমূহ পৰীক্ষা কৰিব:
  • কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহ
  • দক্ষ অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায়সমূহ
  • উদ্যোগৰ সহযোগত গৱেষণা পৰম্পৰাক পৃষ্ঠপোষকতা কৰিবলৈ আৰু তাক বাহাল ৰাখিবলৈ উপযুক্ত পদক্ষেপ।
  • অনুষ্ঠানবিলাকৰ স্বশাসন আৰু দায়িত্ববোধৰ লগত সম্পৰ্কিত বিষয়সমূহ
বহুল সামাজিক পৰিপ্ৰেক্ষাৰ লগত সংযুক্ত কাৰিকৰী শিক্ষাৰ মানদণ্ডৰ বিকাশ আৰু উত্কৰ্ষ সাধনত পৃষ্ঠপোষকতা কৰাৰ বাবে সৃজনীশীল মাধ্যম।