ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
কেন্দ্ৰীয় ক্ষেত্ৰসমূহ | ই-শাসন

ই-শাসন

ই-শাসনৰ সেই সম্ভাবনা আছে যি বিভিন্ন ৰ্নিদিষ্ট বিবেচ্য বিষয় সমূহক সৰল কৰি তুলি সাধাৰণ নাগৰিকক ৰাষ্ট্ৰৰ সতে আদান প্ৰদানৰ সুবিধা প্ৰদান কৰিব পাৰে। ই দ্ৰুত উত্পাদন ক্ষমতা ও কৰ্মদক্ষতা সম্বন্ধে নিশ্চয়তা প্ৰদান কৰি সেইবোৰক নাগৰিকমুখী কৰি তুলিব আৰু এইটোও নিশ্চিত কৰিব যাতে সঠিক লোকসকলেই এই সুবিধাসমূহ পাব পাৰে।

ই-গভৰ্নেন্স সহায়ত প্ৰাপ্ত কেইটামান সুবিধা হ’ল:
  • দাম কমোৱা আৰু জনসাধাৰণৰ বাবে নিৰ্দিষ্ট চাকৰিৰ সীমা ও গুণমান বৃদ্ধি কৰা।
  • আদান প্ৰদানৰ মূল্য আৰু সময় হ্ৰাস কৰা।
  • স্বচ্ছতা বঢ়োৱা আৰু নাগৰিকৰ ক্ষমতা বৃদ্ধি কৰা
  • অধিক দক্ষ ও উত্পাদনৰ বাবে বিভিন্ন প্ৰক্ৰিয়াত আৱশ্যকীয় কাৰিকৰী কৌশলক পুনৰীক্ষণ কৰা আৰু গঢ়ি তোলা।
কেন্দ্ৰীয় ও ৰাজ্যস্তৰত বহু আলোচনা আৰু নানান ই-গভৰ্নেন্সৰ অধ্যয়নৰ বাবে এটা কাৰ্য্যদল গঠন কৰিছে। যোজনা আয়োগে এই কাৰ্য্য দলৰ প্ৰতিবেদন আলোচনা কৰাৰ পিছত তাক সঞ্চাৰ ও তথ্য প্ৰযুক্তি মন্ত্ৰী আৰু তাৰ লগত সম্পৰ্কিত অধিকাৰী সকলক প্ৰদান কৰে। ইয়াৰ পিছত নানান দায়বদ্ধ গোষ্ঠীৰ লগত আলোচনা কৰা হয়, যাৰ ভিতৰত এডমিনিস্ট্ৰেটিভ ৰিফৰ্মচ কমিছনো অন্যতম। এইবোৰৰ বিচাৰ বিবেচনাৰ ভিত্তিত প্ৰস্ত্তত আয়োগৰ ই-গভৰ্নেন্স বিষয়ক অনুমোদনাৱলী জানুৱাৰী 2006 ত প্ৰধানমন্ত্ৰীক জনোৱা হয় আৰু সেইবিলাক 2006 চনৰ মাৰ্চ মাহত সৰ্বসাধাৰণ লোকৰ বাবে প্ৰকাশ কৰা হয়।

আয়োগৰ প্ৰতিবেদনত ই-গভৰ্নেন্সক কেৱলমাত্ৰ বৈদ্যুতিক, তথ্য প্ৰযুক্তি বা অৱগাঁঠনিৰ লগত জড়িত বিষয় হিচাবেই নহয়, শাসকীয় সংস্কাৰ সাধনৰ এটা ভাল সুযোগ হিচাবেও দেখুওৱা হৈছে। ই-গভৰ্নেন্স বিষয়ক অনুমোদনাৱলী বিভিন্ন প্ৰক্ৰিয়া আৰু মানদণ্ডৰ লগত সম্পৰ্কিত। সংক্ষেপতে, নিম্নলিখিত বিষয় সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
  • চৰকাৰী প্ৰক্ৰিয়া বিলাক প্ৰথমতে পুনৰ গঠন কৰিব লাগিব যাতে আমাৰ মূল শাসন ব্যৱস্থাক সহজভাবে অধিক পাৰদৰ্শী, দক্ষ আৰু উত্পাদনক্ষম কৰি তুলিব পৰা যায়।
  • 10 ৰ পৰা 20 টা জৰুৰী সেৱাক চয়ন কৰক যি এক গুৰুত্বপূৰ্ণ পাৰ্থক্য গঢ়ি তুলিব পাৰে, সিহঁতক সৰলীকৃত কৰক আৰু ৱেব প্ৰধান সেৱা হিচাপে আগবঢ়াওক।
  • ই-গভৰ্নেন্সৰ বাবে সাধাৰণ মানদণ্ডৰ বিকাশ আৰু উমৈহতীয়া মঞ্চ/অৱগাঁঠনি সুবিন্যস্ত কৰা।
  • সকলো ৰাষ্ট্ৰীয় যোজনা (যেনে ভাৰত নিৰ্মাণ, গ্ৰাম্য সংস্থাপন গ্যাৰান্টী স্কীম প্ৰভৃতি) সুপৰিকল্পিতভাবে ই-গভৰ্নেন্সৰ প্ৰয়োগ ও ৱেব ইন্টাৰফেচৰ কথা মনত ৰাখিয়েই আৰম্ভ কৰিব লাগিব।
ৰা্ষ্ট্ৰীয় ই-গভৰ্নেন্সক সফল কৰি তোলাৰ ক্ষেত্ৰত প্ৰধান সমস্যা হ’ল এটা উদ্দেশ্যমুলক গাঁঠনিৰ সহযোগত ইয়াক গঢ়ি তোলাটো, যিটোৱে সম্পূৰ্ণ স্বশাসন ও দ্বায়িত্বভাৰ লৈ কাম কৰিব পাৰে। 3 ৰ পৰা 5 বছৰৰ ভিতৰত ই-প্ৰশাসনক কৰ্মক্ষম কৰি তোলাৰ বাবে সংস্থা সম্পৰ্কীয় বিষয়সমূহ, দৃঢ় অংগীকাৰবদ্ধ নেতৃত্ব, স্বশাসন, নমনীয়তা, উদ্দেশ্যৰ স্পষ্টতা, পূৰ্বনিৰ্দ্ধাৰিত দেয়ক, পৰিমাপযোগ্য কীৰ্তি নিৰ্দেশ মাইলৰ খুটি , আৰু পৰ্য্যায়ক্ৰমিক পৰ্য্যবেক্ষণ আদি চৰকাৰী পদ্ধতিসমূহৰ পুনৰ ৰ্নিমাণৰ লগত যুক্ত বিষয় সমূহক বিচাৰ কৰাটো প্ৰয়োজনীয়।


More e-Governance links: অনুমোদনসমূহ     Resources