ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
আমাৰ বিষয়ে | প্ৰসংগৰ চৰ্তৱলী আৰু লক্ষ্যসমূহ

প্ৰসংগৰ চৰ্তৱলী

2005 চনৰ 13 জুন তাৰিখৰ চৰকাৰৰ বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (এন.কে.চি.)ৰ সন্মুখত নিম্নোক্ত চৰ্তাৱলী ৰখা হৈছে।

  • শিক্ষা ব্যৱস্থা শ্ৰেষ্ঠতৰ কৰাৰ জৰিয়তে দেশে একবিংশ শতিকাৰ প্ৰত্যাহ্বানৰ কিদৰে সন্মুখীন হ’ব আৰু কেনে উপায়েৰে জ্ঞানৰ বিভিন্ন ক্ষেত্ৰত ভাৰতে প্ৰতিদন্দ্বিতাৰ আগবঢ়াব সেই বিষয়ে মতামত প্ৰদান কৰা।

  • বিজ্ঞান ও প্ৰযুক্তিবিদ্যাৰ পৰীক্ষাগাৰ বিলাকত নতুন জ্ঞানৰ সৃষ্টি প্ৰক্ৰিয়াৰ বিষয়ে অভিমত।

  • মেধা সম্পদৰ অধিকাৰ বিষয়ক ব্যৱস্থাপনাৰে জড়িত সংস্থা বিলাকক উন্নততৰ কৰাৰ বিষয়ে মতামত।

  • কৃষি আৰু উদ্যোগৰ ক্ষেত্ৰত নতুন জ্ঞান প্ৰয়োগক উত্সাহ প্ৰদান কৰা।

  • চৰকাৰক অধিক কাৰ্য্যক্ষম, স্বচ্চ ও দায়িত্বশীল সেৱা প্ৰদানৰ বাবে উপযুক্ত কৰি তোলা যাৰ জৰিয়তে নাগৰিক সকল আৰু সাধাৰণ মানুহ সকলোতকৈ বেছি লাভবান হ’ব পাৰে তাৰ বিষয়ে মতামত দিয়া।


উদ্দেশ্যসমূহ

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ চুড়ান্ত লক্ষ্য হ’ল দেশক এখন স্পন্দিত জ্ঞান সমাজলৈ পৰিণত কৰোৱাত সহায় কৰা। ইয়াৰ বাবে প্ৰয়োজনীয় জ্ঞানৰ বৰ্ত্তমান অৱস্থালৈ আমুল পৰিবৰ্তন অনাৰ লগতে নতুন ধৰণৰ জ্ঞানৰ ক্ষেত্ৰত সুযোগ সুবিধাৰ সৃষ্টি কৰাৰ প্ৰয়োজন আছে।

সমাজৰ সকলো স্তৰৰ বৃহত্তৰ যোগদান আৰু সহজলভ্য জ্ঞানে এই লক্ষ্য বিলাকত উপনীত কৰোৱাত সহায় কৰে।

এই সকলো উদ্দেশ্য পূৰণৰ অৰ্থে ৰাষ্ট্ৰীয় জ্ঞান আয়োগে নিম্নোক্ত কৰ্মকাণ্ডৰ কথা মনত ৰাখিয়েই এই সকলো উপযুক্ত প্ৰতিষ্ঠানিক গাঁঠনি তৈয়াৰৰ কথা কৈছে, যাতে-

  • শিক্ষা প্ৰণালীক আৰু অধিক সবল কৰি, দেশীয় গৱেষণা ও আবিষ্কাৰক যথেষ্ট উত্সাহ দিব পাৰি তথা স্বাস্থ্য , কৃষি, শিল্পোদ্যোগৰ ক্ষেত্ৰতো উন্নত জ্ঞান প্ৰয়োগৰ সুব্যৱস্থা কৰিব পৰা যায়।

  • তথ্য ও সম্প্ৰসাৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নত সুযোগ সুবিধাক কামত লগাই শাসন ব্যৱস্থা ও পাৰস্পৰিক সহযোগিতাৰ উন্নতি সাধন কৰিব পৰা যায়।

  • আৰ্ন্তজাতিক স্তৰত বিভিন্ন জ্ঞান ব্যৱস্থাৰ মাজত যাতে আদান প্ৰদান সম্ভবপৰ হয় তাৰ বাবে ব্যৱস্থা কৰিব পৰা যায়।