ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
আমাৰ বিষয়ে | সংগঠন

সংগঠন


ৰাষ্ট্ৰীয় জ্ঞান আয়োগ অধ্যক্ষ সহ ছয়জন সদস্যৰে গঠিত। সকলোবিলাক সভ্যই তেওঁলোকৰ কাম অবৈতনিক হিচাবে কৰে আৰু ইয়াৰ বাবে কোনো পাৰিশ্ৰমিক নিবিচাৰে।

সদস্যকলক তেওঁলোকৰ কামত এটা সৰু প্ৰায়োগিক সহায়ক দলে সাহাৰ্য্যতা প্ৰদান কৰে। যাৰ অধ্যক্ষ হ’ল চৰকাৰৰ দ্বাৰা নিযুক্ত এজন কাৰ্য্যকৰী সঞ্চালক। ইয়াৰ বাহিৰেও বিভিন্ন কামৰ বাবে অন্যান্য বিশেষজ্ঞক নিজৰ সৈতে জড়িত কৰিব পাৰে।

পৰিকল্পনা, বাজেট আৰু সংসদীয় কাম কাজৰ বাবে পৰিকল্পনা আয়োগ হ’ল ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ মূলস্ৰোত।

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ ব্যৱস্থা বিধি সমূহ তলত দিয়া ধৰণৰ:
  1. কেন্দ্ৰীয় ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ।
  2. বিভিন্ন দায়বদ্ধ ব্যক্তি ও গোষ্ঠিক চিহ্নিত কৰা আৰু বিশেষ ক্ষেত্ৰৰ মূল বিষয় সমূহক বুজিবৰ চেষ্টা কৰা ।
  3. বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ও দক্ষ লোক সকলক লৈ কাৰ্য্য দল গঠন কৰা, কৰ্ম্মশালাৰ আয়োজন কৰা আৰু বিভিন্ন সংস্থা তথা দায়বদ্ধ গোষ্ঠী সমূহৰ সৈতে আনুষ্ঠানিক ও অনানুষ্ঠানিক ভাবে আলোচনা কৰা।
  4. পৰিকল্পনা আয়োগ আৰু বিভিন্ন প্ৰশাসনীয় মন্ত্ৰালয়ৰ লগত আলোচনা কৰা।
  5. এন.কে.চি. ৰ সভাপতিয়ে আলোচনামৰ্মে চুড়ান্ত কৰা সিদ্ধান্ত সমূহ পত্ৰযোগে অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰীক জনায়।
  6. মূল অনুমোদনাৱলীক জনাই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখা আৰু প্ৰথম পদক্ষেপ হিচাবে ইয়াৰ আৰ্থিক দিশটোৰ খতিয়ান ডাঙি ধৰা। চিঠিৰ সৈতে বিভিন্ন বাখ্যাৰে নথিপত্ৰও পঠিওৱা হয়।
  7. ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ অনুমোদনাৱলীৰ বিষয়ে ৰাজ্য চৰকাৰ,সংশ্লষ্ট সমাজ গঠণৰ লগত জড়িত সংস্হা সমূহ আৰু অন্যান্য দায়বদ্ধ মানুহ বা গোষ্ঠীৰ সমুখত বিতং ভাবে সেই সমূহ আলোচনা কৰা আৰু সম্প্ৰচাৰ কৰা।
  8. প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ হৈ সেই অনুমোদন সমূহৰ প্ৰয়োগৰ সূচনা কৰা।
  9. দায়বদ্ধ গোষ্ঠী তথা ব্যক্তি সমূহৰ মতামত পোৱাৰ পিছত আৰু প্ৰস্তাৱসমূহৰ প্ৰায়োগিক দিশ সমূহ বিচাৰ কৰি চাই অনুমোদনাৱলীক চুড়ান্ত ৰূপদান কৰা।