ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
আমাৰ বিষয়ে | সদস্যসকল

সদস্যসকল

শ্ৰী চেম পিট্ৰ’ডা (অধ্যক্ষ)

শ্ৰী চেম পিট্ৰ’ডাই সমগ্ৰ পৃথিৱীৰ দুৰসংযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ মাজত এটা সমতা অনাৰ ক্ষেত্ৰত চাৰি দশক ধৰি কাম কৰিছে। তেওঁৰ পেশাদাৰী বৃত্তিৰ ক্ষেত্ৰখনক তিনিখন মহাদেশত ভাগ কৰিব পৰা যায়- উত্তৰ আমেৰিকা, এচিয়া আৰু ইউৰোপ।


more >>

ড. পি. এম. ভাৰ্গৱ (উপাধ্যক্ষ)

আধুনিক জীৱ বিদ্যাৰ এজন বহুল ভাবে সন্মানীত শিল্পী হিচাবে ভাৰতত জনাজাত ড. পি. এম. ভাৰ্গৱ বৰ্তমান তিনিটা সংস্থাৰ অধ্যক্ষ- হাইদৰাবাদरৰ ‘দি মেডিকেল এৱেৰ এণ্ড ৰেচপন্সিবল চিটিজেন্স, ভূপালৰ সম্ভাৱনা ট্ৰাষ্ট আৰু নতুন দিল্লীৰ বেচিক ৰিচাৰ্ছ, ইডুকেশ্বন এণ্ড ডেভেলপমেন্ট চচাইটি’।


more >>

ড. অশোক গাংগুলী

ড. গাংগুলী আই.চি.আই.চি.আই. ওৱানচৰ্চ লিমিটেড আৰু এ.বি.পি. প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ, তদুপৰি 2000 চনৰ নভেম্বৰ মাহৰ পৰা ৰিজাৰ্ভ বেঙ্কৰ চেন্ট্ৰেল বৰ্ডৰ সঞ্চালকৰূপে কামকৰি আছে। ইয়াৰ লগতে তেওঁ টেকনলজি নেটৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লি: নামৰ এটা কোম্পানীৰ এজন নিজা পৰামৰ্শদাতাও।


more >>

ড. জয়তী ঘোষ

ড. জয়তী ঘোষ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (নতুন দিল্লী) অৰ্থনীতিৰ প্ৰাধ্যাপক আৰু চেন্টাৰ ফৰ ইকনমিক ষ্টাডিজ এণ্ড প্লেনিং ৰ বৰ্ত্তমানৰ অধ্যক্ষা। তেওঁৰ গৱেষণাৰ বিষয় বস্তু বহুধাবিভক্ত যেনে-বিশ্বায়ন, আৰ্ন্তজাতিক ব্যৱসায় ও বিনিয়োগ, উন্নতশীল দেশ বিলাকৰ জীৱিকা ও অৰ্থোপাৰ্জনৰ আৰ্হি, মাইক্ৰ’ ইকনমিক নীতি, লিংগভেদ আৰু প্ৰগতিৰ লগত জড়িত বিষয়সমূহ।

more >>

ড. দীপক নায়াৰ

ড. দীপক নায়াৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ প্ৰাধ্যাপক। ইয়াৰ আগতে তেখেতে অৰ্থনীতিৰ প্ৰাধ্যাপক ৰূপে অক্সফোৰ্ড, ছাচেক্স বিশ্ববিদ্যালয় আৰু কলিকতাৰ ইণ্ডিয়ান ইনস্টিটিউট অব মেনেজমেন্টতো কাম কৰিছিল। কিছুদিন আগলৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰূপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।


more >>

ড. নন্দন নিলেকানি

ইনফ’ছিচ টেকন’লজি লিমিটেডৰ অন্যতম প্ৰতিষ্ঠাতা-ড. নন্দন নিলেকানী বৰ্ত্তমান মূখ্য কাৰ্য্যবাহী বিষয়া। ইয়াৰ আগতে তেখেত এই সংস্থাৰ সৰ্ব্ব-সঞ্চালক , অধ্যক্ষ আৰু মুখ্য সঞ্চালক বিষয়া আছিল। শ্ৰী নিলেকানী ভাৰতৰ নেছক’ম বা নেচনেল এচচিয়েছন অব চফটৱেৰ এণ্ড চাৰ্ভিচ কোম্পানীৰ সহ প্ৰতিষ্ঠাপক।


more >>