ৰাষ্ট্ৰীয় জ্ঞান আয়োগ
ভাৰত চৰকাৰ
  


নতুন
ভাৰত শক্তি পৰ্টেলো
ভাৰত জল পৰ্টেলৰ

নতুন অনুমোদনসমূহ

  ভাষা
  English
  हिन्दी
  বাংলা
  മലയാളം
  ಕನ್ನಡ
  ارد و
  தமிழ்
  नेपाली
  মণিপুরী
  ଓଡ଼ିଆ
  ગુજરાતી
আমাৰ বিষয়ে

ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিষয়ে

দেশৰ জ্ঞান সম্পদ তৈয়াৰ কৰা আৰু তাক প্ৰয়োগ কৰাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি দেশ এখনৰ নাগৰিকসকলৰ মানবিক বৃত্তিক বঢ়োৱা যায় আৰু তাক সক্ষমতাৰ দিশে আগুৱাই নিয়া হয়। অনাগত কেইটামান দশকত ভাৰত পৃথিৱীৰ সৰ্বাধিক সংখ্যক যুৱপ্ৰজন্মৰ অধিকাৰী হ’ব। জ্ঞান নিৰ্ভৰ উন্নতিৰ দৃষ্টান্তলৈ চালে ভাৰতে এই গৰিষ্ঠ সংখ্যাক সুবিধাজনকভাবে কামত লগাব পাৰে। আমাৰ প্ৰধানমন্ত্ৰীৰ ভাষাত কবলৈ গলে, ”এতিয়া সময় হৈছে প্ৰতিষ্ঠান গঠনৰ দ্বিতীয় জোঁৱাৰৰ আৰু শিক্ষাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ জৰিয়তে আমিবোৰ একবিংশ শতিকাৰ বাবে প্ৰস্তুত হ’ব পাৰোঁ”'

এই বৃহত্তৰ দায়িত্বৰ কথা সমুখত ৰাখিয়েই 13 জুন 2005 চনত ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ সৃষ্টি হয়। যাৰ বাবে 2 অক্টোবৰ 2005 ৰ পৰা 2 অক্টোবৰ 2008 লৈ তিনি বছৰৰ সময় দিয়া হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এক উচ্চ পৰ্যায়ৰ উপদেষ্টা সমিতি ৰূপে দেশৰ নীতি ও সংশোধন প্ৰক্ৰিযাৰ বিষয়ে মতামত দিয়াৰ বাবে ৰাষ্ট্ৰীয় জ্ঞান আয়োগক দায়িত্ব দিয়া হৈছে। বিশেষকৈ শিক্ষা, বিজ্ঞান ও প্ৰযুক্তি বিদ্যা, কৃষি, শিল্পদ্যোগ, ই-গভৰ্নেন্স প্ৰভৃতি বিষয়ত আলোকপাত কৰাৰ দায়িত্বও দিয়া হৈছে। শিক্ষাত সহজ প্ৰবেশাধিকাৰ, জ্ঞান ব্যৱস্থাৰ সৃজন ও সংৰক্ষণ, জ্ঞানৰ বিতৰণ আৰু উন্নতমানৰ জ্ঞান ভিত্তিক সেৱা ইত্যাদি বিষয়ত আয়োগক বিশেষ ধ্যান দিবলৈ কোৱা হৈছে।